Monday, 28 October 2024

শ্ৰীশ্ৰী শংকৰদেৱ-তিথি

 অসমৰ বিভিন্ন শিক্ষানুষ্ঠানৰ লগতে গোলাঘাটৰ বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়তো আজি পৰম্পৰাগত ভাবে শ্ৰীশ্ৰী শংকৰদেৱৰ তিৰোভাৱ তিথি উদযাপন কৰা হয়। অসমীয়া সামাজিক পৰম্পৰা অনুসৰি মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ আপুৰুগীয়া সৃষ্টি কীৰ্তন ঘোষা পাঠেৰে এই অনুষ্ঠানৰ শুভাৰম্ভণি ঘটে। অষ্টম মান শ্ৰেণীৰ ছাত্ৰৰ দ্বাৰা কীৰ্তন ঘোষা পাঠ কৰাই ছাত্ৰ- ছাত্ৰীসকলৰ সন্মুখত এক বিশেষ দৃষ্টান্ত দাঙি ধৰা হয়। এই অনুষ্ঠানৰ পৰবৰ্তী কাৰ্যসূচী আছিল বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা বৰগীত পৰিবেশন। ইয়াৰ পিছতেই শংকৰী সংস্কৃতিৰ অন্যতম অংশ গায়ন-বায়ন প্ৰদৰ্শন কৰে বিদ্যালয়ৰ একাংশ ছাত্ৰই। গায়ন-বায়নৰ পিছতেই সত্ৰীয়া নৃত্যৰ অংশ স্বৰূপ ৰজাঘৰীয়া চালি নাচ প্ৰদৰ্শন কৰে নিৰ্বাচিত ছাত্ৰী বৃন্দই। এই অনুষ্ঠানৰ অন্য এক আকৰ্ষণ আছিল আন্ত: দলীয় ভিত্তিত আয়োজন কৰা দিহানাম প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত মুখ্য বিচাৰক ৰূপে আসন শুৱনি কৰে গোলাঘাটৰ প্ৰয়াস একাডেমীৰ অসমীয়া বিভাগৰ প্ৰবক্তা জিতু বৰপূজাৰী ডাঙৰীয়াই। প্ৰতিযোগিতাৰ অন্তত প্ৰতিযোগীসকলৰ বিভিন্ন দিশ আঙুলিয়াই তেখেতে এটি সুন্দৰ বক্তব্য দাঙি ধৰে । এই অনুষ্ঠানত বিদ্যালয়ৰ গণিত বিষয়ৰ শিক্ষক শ্ৰী প্ৰাঞ্জল হাজৰিকা মহোদয়ে ছাত্ৰ -ছাত্ৰীৰ উপযোগী কৈ এটি সাৰুৱা বক্তৃতা প্ৰদান কৰে। অনুষ্ঠানৰ সামৰণিত গুৰু জনাই উদ্ভাৱন কৰা পৰম্পৰাগত প্ৰসাদ বিতৰণ কৰা হয়।